হীৰেনহু

হীৰেন ভট্টাচাৰ্য (Assamese) [ Roman: hi.ren bhot.ta.sar.jo]
Contributed by: Partha P Sarmah on 2010-05-31
1. (Proper Noun-Masculine) Popularly known as Hiru da and Hiru Bhatta among the connoisseurs of him and his poetry, Hiren Bhattacharyya is a poet by passion and profession ( ‘I am a poet…I have no other entity,/with words is my inseparable entity) and is hailed as the poet of youth and hope. A poet of rare sensitivity, he is thoroughly rooted in his locale and whose concerns range from accustomed feelings to highly intractable moods, his poetry shows an unique blend of passion and fine lyricism. Son of Tirthanath Bhattacharyya and Snehalata Devi, Hiren Bhattacharyya was born in 1932 at Jorhat, Assam. Some of his collections of poems are Mor Desh Mor Premar Kabita (1972) Bibhinna Dinar Kabita (1974), Sugandhi Pakhila (1981), Bhalpowar Dikchou Batere (2000) amongst others. He is a recipient of several national and international awards. English translations of his poems include "Ancient Gongs" (1985) and "Autumn and Other Landscapes" (2007). আধুনিক অসমীয়া কবিতাৰ এজন লেখত ল’বলগীয়া কবি হ’ল হীৰেন ভট্টাচাৰ্য৷ তেখেতৰ জন্ম ১৯৩২ চনত যোৰহাটত৷ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য| অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ’ল ’হীৰুদা’৷ তেওঁক “প্ৰেম আৰু ৰ’দালিৰ কবি” নামেৰেও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে| বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতাৰ প্ৰকাশ হয় ১৯৫৭ চনত ৷ তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন ’মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ হয় ১৯৭২ চনত৷ ’বিভিন্ন দিনৰ কবিতা’ ১৯৭৪, ’কবিতাৰ ৰ’দ’ ১৯৭৬ আৰু ’তোমাৰ গান’ ১৯৭২ প্ৰকাশ পায়৷ কবিৰ ’সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু ’শস্যৰ পথাৰ মানুহ’ (সংগ্ৰহীত কবিতা ১৯৯১), ’মোৰ প্ৰিয় বৰ্ণমালা’, ’ভালপোৱাৰ বোকা মাটি’ , হীৰেন ভট্টাচাৰ্যৰ বাছকবনীয়া কবিতা, ২০০৩, তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জল দিশ৷ ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল’ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ’ল’ৰা ধেমালি’আৰু ’অকন ধেমালি’ প্ৰকাশ কৰে৷ ’চিত্ৰবন’, ’মনন’ আৰু ’আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল| ১৯৮৬ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ তেখেত সভাপতি আছিল|